তোৰে মোৰে আলোকৰে যাত্ৰা

অব্যৰ্থ অব্যৰ্থ

আমি পালো জীৱনৰ অৰ্থ অভিনৱ

স্বাগত স্বাগত সতীৰ্থ ।

 

সেউজীয়া জীৱনলে জাগৃতি ছন্দ

আহে আহে

জনতাৰ অন্তৰে অন্তৰে ।

আলোক বসন্ত হাঁহে হাঁহে

প্ৰচাৰিত আলোকবাণী ।

 

(আগ বাঢ়ে) আগ বাঢ়ে

যুগাগ্ৰগামী, তৰুণ সেনানী ।

 

আজি সমৃদ্ধ বেগে

জাগে জাগে বিপ্লৱী প্ৰাণ

মুখৰিত দিশে দিশে অগনি গান ।।